Ranaklanta Na Hao

ৰণক্লান্ত নহওঁ, ৰণক্লান্ত নহওঁ
ৰণক্লান্ত নহওঁ, ৰণক্লান্ত নহওঁ
সেই মুহূৰ্ত লৈ
যি মুহূৰ্ততে মোৰ সীমান্ততে
শেষ শ্ত্ৰু দৈত্যটিৰ নহয় মৰণ
ৰণক্লান্ত নহওঁ, ৰণক্লান্ত নহওঁ
ৰণক্লান্ত নহওঁ, ৰণক্লান্ত নহওঁ
ঝনঝনায় আজি ঝনঝনায়
মোৰ অগণন জোৱানৰ মাৰণাস্ত্র
গমগমাই আজি গমগমায়
জয় প্রতিজ্ঞা ধ্বনিৰে মোৰ ৰাষ্ট্র
নিয়তিৰ ৰূপ ধৰি কাপুৰুষ শতৰুৰ
বিদাৰিম বক্ষ কৰিললো পণ
দিগভ্রান্ত নহওঁ, দিগভ্রান্ত নহওঁ
দিগভ্রান্ত নহওঁ, দিগভ্রান্ত নহওঁ
কোনো চক্রান্তত
যি চক্রান্তত মোৰ দেশৰ ধ্বজাৰ হয়
বৰ্বৰ আঘাতত অকাল পতন
ৰণক্লান্ত নহওঁ, ৰণক্লান্ত নহওঁ
ৰণক্লান্ত নহওঁ, ৰণক্লান্ত নহওঁ
বুদ্ধ গান্ধীক পদাঘাত কৰিলি
পঞ্চশীলকে ত্রাস বুলি হাঁহিলি
বিশাল এচিয়াৰ সংহতি নাশিলি
তোৰ গৰ্ব খৰ্ব হ'ব দম্ভ তৰ্ক যাব
ভাৰত সিংহ আজি জাগ্ৰত হয়
প্রতি ৰক্ত বিন্দুতে
(এক) সহস্র শ্বহীদৰ
সাহস প্রতিজ্ঞাও উজ্বল হয়
নৰ ৰক্ত লোলুপ
পৰ ৰাজ্য লোলুপ
নৰ ৰক্ত লোলুপ
পৰ ৰাজ্য লোলুপ
কৰোঁ সাৱধান
হ পশ্চাৎগামী
মহা ৰুদ্র ৰূপে
মহা সত্য ৰূপে
মহা ৰুদ্র ৰূপে
মহা সত্য ৰূপে
মোৰ মুক্তি সৈন্য হয় অগ্রগামী
দেশৰ মাটিত আমি বক্ষ ৰক্তেৰে
স্বাক্ষৰ কৰি কৰি সপিম জীৱন
ৰণক্লান্ত নহওঁ, ৰণক্লান্ত নহওঁ
ৰণক্লান্ত নহওঁ, ৰণক্লান্ত নহওঁ
সেই মুহূৰ্ত লৈ
যি মুহূৰ্ততে মোৰ সীমান্ততে .



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link